Manthan

পুৰণি এখনি ছবি

পুৰণি এখনি ছবি

আৱেগৰ জোকাৰণীত হৃদয়ত গুপুতে ৰখা
পুৰণি ছবি এখন খহি পৰিল,
সময়ৰ আৱৰণে ঢাকি ৰখা ছবি খনে
সতেজাতা পাই আকৌ টোপনি হৰিল।

চিনেমাৰ ৰিল ঘুৰাদি অতীতৰ ক্ষণবোৰ
চকুৰ আগেৰে দৌৰিছে মাথোঁ দৌৰিছে,
চিনাকী মুখ এখন, চিনাকী সময় কিছুমান
চিনাকী অতীতে ভুমুকি মাৰিছে।

আৱেগে স্মৃতিৰ চন্দুকটোৰ ঢাকনি খুলিলে
তাতো আকৌ আৱেগৰেই টোপোলা,
চিনাকী তাত ঢৌ খেলি ফুৰা হেপাহ বোৰ
চিনাকী এমুঠি ভালপোৱা।

ঠন ধৰি উঠিছে বুকুৰ আউল লগা
মামৰে খোৱা তাঁৰ বোৰ,
বাজিব খুজিছে উৱলি যোৱা
আওঁ পুৰণি সুৰ।

শব্দ-ছন্দ বোৰতো চলনা মাথোঁ
নোপোৱাৰ বেদানাবোৰ ঢাকি ৰখাৰ,
এখনি ছবিতে সামৰি ৰাখিছোঁ
আছে যি স্মৃতি ও মৰম অপাৰ।

~প্ৰণয়

13
Skip to toolbar