Manthan

“পৃথিৱীৰ বেমাৰ হ’ল”

Photo by Anna Shvets on Pexels.com

পৃথিৱীৰ বেমাৰ হ’ল
আমিবোৰে এতিয়া কেৱল
খিৰিকিৰে জুমি চাওঁ ৰ’দ।


চোতালত চৰাই বহিচেহি
আকৌ মুক্তমনে উৰি গৈছে
অমিবোৰে জুমি-জুমি চাওঁ।


গছ-লতা বগাইছে
ফুল-ফলেৰে ভৰি পৰিছে,
আমি যে ঘৰত বন্দী
নোৱাৰোঁ চিঙিব এতিয়া
ফুল-ফল।


আমি এতিয়া ভয়ৰ পৃথিৱীত জীয়াইছো
আমি মুক্ত নহয় চৰাইৰ দৰে
আমি নোৱাৰোঁ এতিয়া ফুলিব
ফুলৰ দৰে,
নাই আমাৰ বিশ্বাস পৰস্পৰৰ মাজত
নাই কোনো অতিথি,
নাই কোনো প্ৰতিৱেশী
কেৱল ইজনে আনজনৰ প্ৰতি
ৰখা দূৰত্বত এতিয়া প্ৰাণৰ ৰক্ষা।


কিয়নো আমি ভয় কৰোঁ
মৰিবলৈ নহয়,
আপুনজনৰ প্ৰতি থকা মৰমৰ বাবে।


যাৰ বাবে আমিবোৰ বন্দী ঘৰত।
কেতিয়াবা ঘৰৰ দুৱাৰ খন খুলি
নিজৰ ছাঁ টোকে দেখি উছপ খাওঁ।
কি এই ভয়?
নিবিচাৰোঁ কোনো মিতিৰ-কুটুম্ব


নিবিচাৰোঁ চুবুৰীয়া সমাজ
আমি কেৱল ঘৰত বন্দী।


পৃথিৱীৰ বেমাৰ হ’ল
জীৱন আমাৰ সলনি হ’ল
আৰু আমিবোৰ ঘৰত বন্দী হলো!!

6
Skip to toolbar