Assamese

সুশান্ত সিং ৰাজপুত

!!সুশান্ত সিং ৰাজপুত!!

চকুত সপােন লৈ

বুকুত সাহস লৈ,

অভিনয় কৰাৰ বহু আশা লৈ,

আহিছিলা মুম্বাই চহৰলৈ!!

বহু চেষ্টা আৰু কষ্টৰে

খােজ দিছিলা ৰুপালী পর্দাত!!

“পৱিত্ৰ ৰিষ্টাৰে” সকলােকে
বান্ধি ৰাখিছিলা,
এখনৰ পাছত এখন সফল ছবি, সাফল্যৰ জখলাদাল যেন
তােমাৰেই প্রতিছবি!!
সকলােকে এৰি থৈ গুচি গ’লা!! নাজানাে এইয়া

কিন্তু,
কি কথাত জানাে তুমি বেয়া পালা,
আত্মহত্যা নে
আনৰ দ্বাৰা হত্যাৰ বলি হলা,

মাত্র সকলােৰে মনত

প্রশ্নৰ উদয় কৰি গ’লা!!

কিবা এটাটো আছিল তােমাৰ মাজত, মিঠা হাঁহিৰে মন মুহিছিলা!!
তােমাৰ চলচিত্র চাই ভাবাে,
মিঠা হাঁহিৰ ধুনীয়া ব্যক্তি জন ক’ত
হেৰাই গ’ল?

মনত চাগে কিমান চিন্তা,দুখ আৰু শংকালৈ ফুৰিছিলা,
তথাপিও কাকো তােমাৰ মনৰ কথা জানিবলৈ নিদিলা!!

দূৰদৰ্শনৰ পৰ্দাত কেৱল তােমাৰেই চর্চা হাজাৰ হাজাৰ জনক উত্তৰ দিব খুজো!!
লাভ নাই ইজনে সিজনৰ ওপৰত দোষাৰােপ কৰি।

কৰিব খুজিছা যদি কৰা
সুশান্তৰ হত্যাৰ ন্যায় কৰা!!

মৰিও অমৰ হৈ থাকিবা তুমি ইমান সােনকালে নাপাহৰাে আমি!!

সম্পূৰ্ণা শৰ্মা
দিল্লী।।

1

Leave a Reply